+91-9864237133, +91-7002800049tccprincipal@yahoo.co.uk

VICE PRINCIPAL'S COLUMN

ভাৰতমাতাৰ পূৱপ্ৰান্তত অৱস্থিত অসমৰ বিভিন্ন জিলাৰ ভিতৰত তিনিচুকীয়াও অন্যতম ।
প্ৰাচীন কালৰে পৰা ঐতিহ্যৰ দিশত চহকো এসময়ত শক্তিশালী মটক ৰজা সৰ্বানন্দসিংহই
শাসন কৰা তিনিচুকীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ সঈমস্থলী হিচাবেও পৰিচিত।
তেল, কয়লা, ৰেলৱে আদি সকলো দিশতে অসমৰ মানচিত্ৰত বৰ্তমানে গুৰত্বপূৰ্ণ ভূমিকা
গ্ৰহণ কৰা তিনিচুকীয়াই বাণিজ্যিক দিশতো গুৰত্বপূৰ্ণ স্থান দখল কৰি আছে । বাণিজ্যিক
চহৰ হিচাবে পৰিগণিত তিনিচুকীয়াৰ শৈক্ষিক দিশত বাণিজ্যিক শিক্ষাও অতি প্ৰাসঈিক আৰ
এই ক্ষেত্ৰত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ে অতি গুৰত্বপূৰ্ণ আৰ নিৰ্ণায়ক ভূমিকা পালন
কৰি বাণিজ্য শিক্ষাৰ প্ৰগতিৰ অৰ্থে অৰিহনা আগবঢ়াই আহিছে । এইবছৰৰ পৰা চি বি
চি এছ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিবলৈ আগবঢ়া বাণিজ্য মহাবিদ্যালয়খনি ছাত্ৰ-শিক্ষক শিক্ষা
গ্ৰহণ আৰ শিক্ষা দানৰ ক্ষেত্ৰত সদা তৎপৰ ।
নতুন প্ৰজন্মৰ নতুন পাঠ্যক্ৰমৰ ফলদায়ক প্ৰেৰণা আৰ জীৱন জীৱিকাৰ ইতিবাচক
পদক্ষেপত আগভাগ লৈ, বাণিজ্য শিক্ষাৰ সেন্দুৰীয়া পথেৰে আগুৱাই গৈ নিজৰ লগত
পৰিয়ালৰ, সমাজৰ, দেশৰ উপকাৰ সাধিবলৈ এই বাণীৰ দ্বাৰা আদৰণি জনালোঁ লগতে
তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলো ।

শিখাৰাণী দত্ত

উপাধ্যক্ষ

তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়


তিনিচুকীয়া